অনুসন্ধান আকাংক্ষাত

Friday, July 6, 2012

হেৰ সপোনৰ ফুলনিৰ মৌ পিয়া


হেৰ সপোনৰ ফুলনিৰ মৌ পিয়া

                তই

       বিলাসৰ কোঠালিত ফটিকা পিলি

কবিতা লিখিলি তই

                কবিতা লিখিলি

মোৰ কপালত তই বোকাৰ ইন্দ্ৰধনু

                জানো দেখিলি ?


মোৰ কবিতাৰ শত পদুমে

        পোহৰত পাহি মেলে

বোকাৰ চুমাত জীৱন পাই

         পুৱা ৰদালিৰে খেলে


ধূলি বালিৰে

          বোকাৰ অৰ্ঘ্য লৈ

          তাতে হাজাৰ যুগৰ ব্যথা বেদনাৰ

               চকুৰ পানীও থৈ

          কোনে কৰিছ পূজা সুন্দৰৰ......

          সিহে বুজিবি, মোল মোৰ যত

                          বোকাৰ পদুমৰ ৷৷


(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিকড ৰূপান্তৰ:  দিগন্ত শইকীয়া)

No comments: