নৰকঙ্কালৰ নৃত্য দেখিলি কোনে ?
ত্ৰাসত
নাথাক মনে মনে ৷
ভয়ঙ্কৰী ছন্দ জাগি
উল্কাবেগে
যায়
আকাশে
বতাহে
পৃথিৱীয়ে
প্ৰলয়ঙ্কৰী
জুই জ্বলায় ৷
সেই অগনিয়ে
লোহাৰ
মানুহ
সোণৰ
কৰি যাব
ভ্ৰান্তৰ দলে
মানৱ
প্ৰাণৰ
মহাজীৱনৰ,
মহা সৌন্দৰ্য্যৰ
সত্য
বিচাৰি পাব
আনন্দ
গান গাব ৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment