বনত ফুলা বনৰীয়া ফুল
গোন্ধতে
তোৰ বন আমোল মোল ৷
বনত বোৱা নিজৰাটিৰ
গান কুল কুল
বনত ফুলা বনৰীয়া ফুল ৷
বনৰ দুবৰি খোৱা
বন হৰিণা
মৌ সুৱদি মিঠা মাতৰ বনৰ
মইনা....
বনে বনে
মনে মনে
বন মৰমৰ চুমা যাচে
হাতত সাৰে ভৰিত সাৰে
কোনে নাচে কোনে নাচে
সোণসেউজী বনৰ কইনা ৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত; তামোলবাৰী,
০৮/০৯/১৯৪৯)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment