অনুসন্ধান আকাংক্ষাত

Monday, July 16, 2012

মোৰ গানটো যদি



মোৰ গানটো যদি

          গাঁৱৰ লৰাই গাৱ

মোৰ সুৰত যদি

          তোৰেই নিজৰ

                   প্ৰাণৰ হেঁপাহ পাৱ

          মোৰ গানটো যদি

                   গাঁৱৰ লৰাই গাৱ ৷


মোৰ মনটো যদি

          তোৰেই নিজৰ আপোন কৰি লৱ

তোৰ থাপনাত মই জ্বলোৱা

                   চাকিটোও থৱ

মোৰ গানেৰে পোহৰ কৰা

          বাটটো চিনি লবি

মন ধুনীয়া গাঁৱৰ লৰা

          পৃথিৱীৰেই চকুত পৰা

                   হীৰা মাণিক হবি

                   বাটটো চিনি লবি ৷৷



(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত; ১১/০৯/১৯৪৯)
(ইউনিকড ৰূপান্তৰ:  দিগন্ত শইকীয়া)

No comments: