অনুসন্ধান আকাংক্ষাত

Monday, July 9, 2012

লুইতৰ আকাশত তৰাৰ তৰাৱলী (নাটক: লভিতা)


লুইতৰ আকাশত তৰাৰ তৰাৱলী

          পাৰত দীপাৱলী তেজেৰে মোৰ....

আই নাকান্দিবি,

          থাপনাত তেজেৰে বন্তি দিলেহি

          ৰা-ছোৱালীয়ে তোৰ ৷


লাচিতৰ দিনৰে জ্বলা জুয়েকুৰা

          আই অ নুমুৱা নাই,

নতুন তেজেৰে শলিতা জ্বলিছে

          উজলিছে ভমকাই ৷


চকুলো বোৱাই জুই নুনুমাবি

          গুচকে আন্ধাৰে ঘোৰ...

লুইতৰ আকাশত তৰাৰ তৰাৱলী

          পাৰত দীপাৱলী তেজেৰে মোৰ ৷৷



(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিকড ৰূপান্তৰ:  দিগন্ত শইকীয়া)

No comments: