মোৰ মনত জাগিল
নতুন সুৰ
তোৰ প্ৰাণতে গান
দিলে নতুনৰ জান ৷
তোৰ গানতে মোৰ সুৰটি সুৱগা
হৈ পৰে
তোৰ গানে যে মোৰ পৰশত
ন ৰূপটো ধৰে
দুয়ো মিলি বিশ্বভুৱন আকুল বিকুল কৰে ৷
মোৰ সুৰে তোৰ গানক চুমা খালে
শুই থকা তোৰ গানে সাৰ পালে
মোৰ সুৰে
তোৰ গানৰ সতে
নাচি নাচি
ফুৰে
সাৰ নোপোৱাক জগাবলৈ
বকুল সৰা পদূলিয়ে ঘূৰে ৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত; ০৮/০৯/১৯৪৯)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment