মোৰ
ছন্দ মৃদু মন্দ
তাত কুৰুবক কুন্দ ফুলে
তাত নতুন দিনৰ ইন্দ্ৰধনু জ্বলে ৷
ৰুণুক
ঝুনুক ঠুনুক জিৰি
সোণশিৰী ধন
মনশিৰী
সমীৰণৰ গন্ধশিৰী বলে
তাত নতুন দিনৰ ইন্দ্ৰধনু জ্বলে ৷
মোৰ
আলসুৱা ছন্দ
নন্দন মকৰন্দ
মোৰ গানৰ সুৰৰ
ভাঙি
সীমান্ত
বৈ যায় কূলে কূলে ৷
তাত নতুন দিনৰ ইন্দ্ৰধনু জ্বলে ৷
নোৰ
ছন্দ দুৰ্নিবাৰ
সংঘাত লাগি
ভাগি ছিগি... ফেনে
ফোটোকাৰে....
কৰে
হাহাকাৰ ৷
একাবেঁকা,
খানে বোকা
গুচাই
চেকা বাধাক দিয়ে সেকা
জাগি উঠে উন্মাদৰাগী
দ্ৰুতগামী
পাগলাদিয়া
ঢলে
তাত নতুন দিনৰ ইন্দ্ৰধনু জ্বলে
৷
শান্ত
মোৰ ছন্দ
নাই তাৰ দ্বিধাদ্বন্দ্ব
প্ৰশান্ত সুশান্ত সি
বিৰাট দুখত
হেন্দোল
আন্দোল
বৈ গুচি যায় সাগৰলৈ
গহন গভীৰ তলে
তাত
নতুন দিনৰ ইন্দ্ৰধনু জ্বলে ৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত; তামোলবাৰী,
০২/১০/১৯৪৮)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment