বাৰিষাৰে ঘন ঘোৰ
বজালি প্ৰাণত মোৰ
কিনো উদাসীন সুৰ ?
পবন অ’ উৰুৱাই
তাক....
নিবিনো কত দূৰ ?
শূইন জীৱন অ’
মোৰ
উটি যাৱ কোনো ফালে
কোন আকুলতে পাবি কূল ?
আকাশ পৱন জোৰা
একেখনি ছবি অ’
কৰি
থবি মোৰ এই
জীৱনকে বিয়াকুল ৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment