মই ৰোৱা ফুলনিৰ
ফুলবোৰ সৰি গলে
ভাগি ছিগি পৰি গলে
কোনে তুলিবি ?
চুবৰিৰ মৰমত ভোলগৈ থাকোতেই
নুবুটলিবি ৷
সৰি যোৱা ফুলৰে সখি নপতাবি
তই
মৰি যোৱা পাহিটিৰ
বেজাৰত নাথাকিবি ৰৈ
সুন্দৰৰ পূজা কৰি
নতুনৰ গুটি ধৰি
আগেয়ে নেদেখা ফুল
মই ৰুমগৈ ৷
সৰি যোৱা সৰি জহি যাব
নতুনে জীৱন পাই হাঁহিব নাচিব
৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment