নতুন দিনৰ ন-ছোৱালী
মোৰ
গানটো যদি গাৱ
মোৰ
সুৰত যদি উটি বুৰি যাৱ
মোৰ
কপালৰ নতুন জ্যোতি যদি ভাল পাৱ
মোৰ
গানটো যদি গাৱ ৷
মোৰ গানটো যদি গাই থাকোতে জ্বলে বুকুত জুই
সপোন
দেখি নাথাকিবি
অ’
ছোৱালী শুই
যদি,
জ্বলে বুকুত জুই ৷
মোৰ গানত আছে ন বিজুলি
ন
জীৱনৰ ন সজুলি
নতুন
মানুহ সাজিবলৈ নতুন বটালি
মোৰ
গানে তোক বাট দেখুৱায়
পোহৰ
কৰি
ন
ভৱিস্যৰ নতুন ৰাজ আলি ৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত; তামোলবাৰী,
২৭/০৮/১৯৪৯)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment