নামঘৰলৈ সোণৰ শৰাই নিয়
ফুলৰ
পাতৰ কি অৰিহণা দিয় ?
নামঘৰলৈ
সোণৰ শৰাই নিয় ?
তাত আছে নে
তেজৰে
বোলোৱা ফুল
তাত আছে নে কবিতা গানৰ ফুল
তাত আছে নে নতুন পুৱাৰ চুমাত আমোলমোল
তলসৰা
বকুল ?
ইমান
পুৱাই ইমান বেগাই তইনো
যাৱ
কিয় ?
নামঘৰলৈ
সোণৰ শৰাই নিয় ৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment