মোৰ
ঘৰলৈ নতুন আলহী
মোৰ
পুৰণি দিনৰ গান
নকৰিবি অভিমান
নিচুকি থাকিবি ৰৈ
ন আলহী ন গানেৰে
আদৰি আনোগৈ
৷
মোৰ
পুৰণি সুৰ
তই মোৰ ব্যথা বেদনাৰে পূৰ...
নকৰিবি তই ভয়
তোৰ কপালত আঁকি দিম মই
নতুন
বৰ্ণচয় ৷
পুৰণি
ছন্দতেই নতুনৰ চুমা পাই
নতুন জনম পাবি....
পুৰণি হৈও
নতুনৰ গান গাবি ৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment