মোৰ
গান যে নহয় শেষ
শেষ কৰি তাক বিদায় দিলেও
সি কথা কয়
বিশেষ,
বিশেষ ৷
শেষ
কৰাৰ পিছতে সি
অশেষ হৈ আহে
মোৰ
শেষ কৰাৰ স্পৰ্দ্ধা দেখি হাঁহে ৷
হে মোৰ গান !
তয়ে মোৰ নুঢুকুৱা প্ৰাণ ৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment