অনুসন্ধান আকাংক্ষাত

Monday, July 16, 2012

মোৰ অৰুণ গানৰ কৰুণ সুৰত



মোৰ অৰুণ গানৰ 

কৰুণ সুৰত

                   মৰম সানিলোঁ

বেজাৰতেই সোণ সপোনৰ

          ছবি দেখিলোঁ ৷


সেই সপোনত 

          হাঁহিয়ে বেজাৰ কৰি

মোৰ সুৰৰ আঁচল ধৰি

          উচুপি মোক কয়

    ফুলা ফুলৰ

       সোণ পথাৰৰ

           ধানৰ থোকৰ

               সোঁ মাজেদি

                   চকুপানীৰ

                        কিয় নিজৰা বয় ?

তাক কোনোবাই মাধুৰী বুলি কয়

          সিয়েই হেনো পৃথিৱী কৰে জয় ৷৷



(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত; তামোলবাৰী, ০১/১০/১৯৪৮ )
(ইউনিকড ৰূপান্তৰ:  দিগন্ত শইকীয়া)

No comments: