শুনা নাই যদি নৱঝঙ্কাৰ
শুনা নাই যদি জন হুঙ্কাৰ
তই
হে মোৰ অহঙ্কাৰ
আপোনাতে তই আপুনিয়ে জহি
হৈ যাবি চাৰখাৰ
হে মোৰ অহঙ্কাৰ ৷
চকুপানীৰ মত্ত প্ৰলয়, অহা
দেখিছনে নাই,
গাওঁ-ভুঁই, সৌ নগৰ-চহৰ,
সোঁতে নিয়ে
উটুৱাই, দুৰ্নিবাৰ ঢৌৱে ঢৌৱাই ৷
সেই প্ৰলয়ৰ তীৰ্থজলত
কৰাহি পুণ্যস্নান
গা, জন জীৱনৰ
নৱ পোহৰৰ
আগেয়ে নোগোৱা গান ৷
পাবি
নতুন প্ৰাণ ৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment