মোৰেই
গানৰ অৰ্থ ময়েই
ব্যাকুল হৈ তোক ক’বলৈ
তোকে বিচাৰি যাওঁ
বন
বনান্ত ঘূৰি ফুৰি আহি
মোকেই লগ পাওঁ ৷
মোৰ
কোঠালিত
মোৰ সুৰৰ সতে
তোৰ ধেমালি দেখি
তোৰে
সতে মোৰ কথা হবলে’
থাকো ৰখি ৰখি
মোৰ
সুৰৰ সতে নাচি- বাগি
থকাকে মই অৰ্থ
কিজানিবা
গানৰ অৰ্থ
তোকে কবলৈ পাওঁ ৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত; তামোলবাৰী,
১৫/১০/১৯৪৮)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment