অনুসন্ধান আকাংক্ষাত

Tuesday, July 10, 2012

ফুলে ফুলে মউপিয়া উৰে



ফুলে ফুলে মউপিয়া উৰে

ফুলৰে জীৱন মন জুৰে

নাচে পখিলীয়ে সখিয়াকে মাতি ৷


উৰি উৰি সউ গাটি উৱঁলাই

মউ মউ বুলিয়ে বলিয়া পখিলা

ঋতু বসন্ত হাঁহে সোণৰে ৷৷


(দিলীপ শৰ্মাদেৱৰ সৌজন্যত)
[ ৰাগ:- দুৰ্গা, তাল:- ত্ৰিতাল ]

(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিকড ৰূপান্তৰ:  দিগন্ত শইকীয়া)

No comments: