মায়া ! মায়া ! .........
ব্যাপি
অনন্ত এই যে বিশ্বকায়া !
ইমান ধুনীয়া
বিনন্দীয়া
কাৰ অভিনৱ ছাঁয়া ৷
পোহৰত জিলিকা প্ৰহেলিকা
আন্ধাৰত জিলিকা কুহেলিকা
এই যে অসীম মায়া
কাৰ অভিনৱ ছাঁয়া ?
কাৰ সপোনে ৰূপ লৈ নাচে
বিশ্বৰ বাস্তৱত
কাৰ বাস্তৱে সপোনৰ দৰে
ভ্ৰমি ফুৰে ভুৱনত
এই মহাসুন্দৰ মায়া
কাৰ অভিনৱ ছাঁয়া ?
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment