বেজাৰৰ মাজে, কাৰ জ্বলে সোণৰ
সপোন
সিয়ে হওক দুখিতৰ প্ৰাণৰ আপোন ৷
সেই সপোনে কোলাতকৈ
আলফুলকৈ লৈ
আনিছে বাতৰি
জীৱনৰ
জনতাৰ গণতাৰ বৰ মৰমৰ ৷
সেই বাতৰিয়ে মোক
নুশুনা নভবা কথা
কাণে কাণে ক’লে,
কোনোবা নন্দনৰ
ঢুকিপোৱা ছবিখন
মোৰ মন কোঠালিত থলে ৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment