অনুসন্ধান আকাংক্ষাত

Sunday, July 29, 2012

মোৰ সপোনৰে কথা কোনে ক’লে



মোৰ সপোনৰে কথা

কোনে কলে তোক অ সখী

                   কাণে কাণে

সেয়েহে হাঁহিলি সখী আপোন মনে ৷



মোৰ অন্তৰ বিকশজ

                   শুকুলা-সুকোমল

শতদল সবোৰুহ

পলাশৰে বিনন্দ বিলাস

তাৰে অভ্ৰ উজলা (?)

তাতে তই নাচি লাসে-বেগে

কুঙ্কুম ৰঞ্জিত নুপূৰ-শিঞ্জিত (?)

চৰণে উছালি কত ছন্দ

          বিয়পিছে তোৰ গানে-গানে ?



(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিকড ৰূপান্তৰ:  দিগন্ত শইকীয়া)

No comments: