নতুন দিনলে’ যাত্ৰা কৰিলি
কোনে কোনে
কোনে
কোনে ?
ভাগ্য
পঢ়িলি মনে মনে
মনে
মনে ৷
সেইটি বাটত
দুখৰ
জ্বলে জ্বলন্ত এঙাৰ
মৃত্যুয়ে
তাত বাটে বাটে ধৰিছে হেঙাৰ
মৃত্যু
বিজয়ী ন জোৱানৰ
যাত্ৰা
ৰুধিবি কোনে ?
যাত্ৰা
ৰুধিবি কোনে ?
সমদলৰ
সংঘাত লাগি
পৰ্ব্বত খহি যাব
জীৱনৰ
তেজ জ্বলি উঠা দেখি
মৃত্যুও
কোঁচ খাব
সিহঁত
যাব, সিহঁত যাব, বিস্ফোৰি বিদাৰি
যাব...
মহালোকৰ পিনে
মৃত্যুবিজয়ী
ন জোৱানৰ যাত্ৰা ৰুধিবি কোনে ?
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment