পত্ৰলেখা: নূপুৰে
মাতে ৰুণজুণ্
নূপুৰে মাতে
ৰুণ জুন
নূপুৰে
মাতে ৷
চিত্ৰলেখা: সখী
যাবৰ বেলি
আমাৰ
হিয়াখনি
বিষাদে
ছাটে ৷
সখীবোৰ: সখী
বিষাদে ছাটে ৷
চিত্ৰলেখা: বিদায়ৰ
পৰতে
চলে
চলি চকুতে
চকুপানী
নাটে
সখী
চকুপানী নাটে ৷
যোৱা
সখী দিছো বিদায়
মনতে
ৰাখিবা সদায়
এৰোনো
কি সতে ৷
সখীবোৰ: সখী
এৰোনো কি সতে !!
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment