হে ভাৰত, তোৰ
মুক্তিত বাৰু কিয়
জ্বলা নাই
নৱ জীৱনৰ যুক্তি ?
গেলা
জীৱনৰ, পচা জীৱনৰ
জহি খহি যোৱা মৰা জীৱনলৈ
এতিয়াও অনুৰক্তি
মুক্তিত বাৰু কিয় জ্বলা নাই
নৱ জীৱনৰ যুক্তি ?
জ্বলা নাই কিয় জীৱনলে’
ভক্তি
জগা নাই কিয় আগবাঢ়িবৰ শক্তি
আপোনাতে তোৰ প্ৰকাশা সত্যকেই
দেখুৱাব অনাশক্তি ৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment