বৰ্ণত জ্বলে
গন্ড়ত জ্বলে
সুৰত জ্বলে
গানত জ্বলে
অগ্নি ছবি কাৰ ?
ভাৰত জাগে
ৰক্ত ৰাগে
কল্পনাত
ফুলে শতদল
বিশ্ব বাসনাৰ ৷
নিজৰ জুইৰে নিজকেই ওউৰি কৰিব
খুজিছ সোণ
উগ্ৰতপা হে সন্ন্যাসী তই কোন,
তই কোন ?
সপোনত তই যি দেখিলি
দিঠকত মহাসত্য
জীৱন ধুনীয়া কৰা
তাক লৈ তই আগবাঢ়িছ
ৰূপান্তৰৰপৰা ৷
সেই সত্যই আজি
বিশ্ব বিয়পি
গান গায় ঘৰে ঘৰে
সেই গান শুনি
সাৰ পাই উঠি
মহাজীৱনৰ ৰাজআলিলৈ
বিশ্বজনতা লৰে ৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত; তামোলবাৰী,
২৮/০৮/১৯৪৯)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment