মোৰ, মনৰ মণিকোঠালিত
থলোঁ কত মণি
আন্ধাৰ নিশা তাতেই থাকোঁ
অকলে অকলে গণি
থলোঁ কত মণি ৷
পৃথিৱীৰ এই বুৰঞ্জীখনৰ
কত পাতে পাতে
কতনা ৰূপহী টোপনিতে আছে
চিৰ আন্ধাৰৰ ছাঁতে
সেই মহানিদ্ৰাৰ, সি মহাজীৱন
দিঠকেই নে সপোন
যি হয়গৈ সকলোৰেই চিৰকলীয়া
আপোন ৷
সেই ৰূপহীৰ ছিগা মণিবোৰ
বুটলি আনিলোঁ মই
সেই মণিবোৰে পোহৰ বিলাই কয়
মৃত্যুৰ সেই হিম কাৰেঙত
ন জীৱনৰ ন কইনাই
নতুন
জনম লয় ৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত; ২৩/০৯/১৯৪৯)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment