মাহ হালধি সানি কিয়
কইনাজনী
নোৱালি ?
তই জাননে
তাই বাৰু কাৰ
সপোন দেখা ছোৱালী
কইনাজনী নোৱালি ?
তাইৰ সপোনতে
মনৰ গোপনতে
জিক্মিক্কৈ জ্বলে দূৰৰ তৰা
তাইৰ যে বুকু
আলসুৱা মৰমৰে ভৰা
তাই
চকু মেলিলে পদুম ফুলি যায়
ওঁঠ দুখনিত গানে হাঁহে
সুৰে মিচিকিয়াই
পুৱাৰ প্ৰথম সোণ সূৰুযে
তাইৰে কৰে ধেমালি
তাইৰ যে দৰা নতুন দিনৰ
নৰুন পুৱাৰ ৰ’দালি
সপোন দেখা ছোৱালী
মাহ হালধি সানি কিয়
কইনাজনী নোৱালি !
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত; সপ্তমী পূজা,
০৯/১০/১৯৪৮)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment