মোৰ যদি পূজাৰ গন্ধ
অন্ধ হৈ ঘূৰে
তোৰ থাপনাৰ চৌকাষে গৈ ,
উৰি উৰি ফুৰে
তাক লগ লগাই লৈ যাবলৈ
তোৰেই ভিতৰলে’
তোৰ ঘৰতে আলহী খোৱা
মোৰে আপোন সুৰে ৷
সেই গন্ধ-বিভোৰ হৈ
শুই থাকোতে তই
মোৰ বাঁহীটি বাজি বাজি
নিচুকিব দূৰে দূৰে ৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment