কৱিতাকুমাৰ: যাওঁ
যাওঁ বিচাৰি
সোণপখিলী.....
ছন্দিতা আৰু কল্পিতা: (হালি জালি) নাযাবা,
নাযাবা,
যাবা কালি ৷
কৱিতাকুমাৰ: (দূৰলৈ
গৈ থমকি ঘূৰি ৰৈ)
যাওঁ
যাওঁ বিচাৰি
সোণপখিলী
৷
ছন্দিতা আৰু কল্পিতা: (হালি জালি) নাযাবা,
নাযাবা,
যাবা কালি ৷
কৱিতাকুমাৰ: যাম
যাম....
যাম
সোণবাট
পাম
সোণবাটে গৈ গৈ
সোণ নৈ পাৰ হৈ
সোণৰ বালিত গৈ
সোণবাত খাম
৷
সোণ নৈ পাৰ হৈ
সোণবন পাম ৷
সোণবন
সোমালে সোণজুৰি পাম,
সোণজুৰি পাৰতে
সোণবাঁহী বজাম, বজাম ৷
যাওঁ
যাওঁ বিচাৰি
সোণপখিলী
৷
যাওঁ
যাওঁ বিচাৰি
সোণপখিলী
৷
ছন্দিতা আৰু কল্পিতা: নাযাবা, নাযাবা,
যাবা
কালি
নাযাবা,
নাযাবা,
যাবা
কালি ৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment