অনুসন্ধান আকাংক্ষাত

Sunday, July 8, 2012

মই হেনো বুঢ়ী (নাটক : শোণিত কুঁৱৰী)


মই হেনো বুঢ়ী

(পাৰো) উজুটিতে ওফৰাব ডেকা তিনিকুৰি ৷

এইজনী কোন ? পূৰ্ণিমাহৰ" জোন ৷

          মোৰ ৰূপৰ জমক্‌ চা, চমক্‌ খাই যা

          বৰকৈ নাচাবি বোপাই যাবি উটি-বুৰি ৷


          কঁকাল যদিও হেকেৰা,

          গাল দুখন পকা থেকেৰা,

কত ডেকাই মোক নিবলৈ ফুৰিছিল ঘূৰি

                                      (দিছিল কুৰি কুৰি)


কেইটা ৰজাৰ বৰপুতেকে

          তলুৱা চেলেকি গল বাপেকে ৷

তেওঁ জানো মই তাহাঁতলৈ

চাওঁ কেৰাহিকৈ ঘূৰি !!


(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিকড ৰূপান্তৰ:  দিগন্ত শইকীয়া)

No comments: