বগা ডাৱৰৰে নাও
তাতে উঠি মই জোনবাইৰ
সোণদেশলৈ যাওঁ ৷
জোনবাই দেশতে
বগা হৰিণায়ে
ৰঙাকৈ দুবৰি খায়
জিলমিল চৰায়ে
তুলসী বনতে
শুঁইত্কৈ সুহুৰিয়ায়
জহৰে জোনাকত
আইতাই কোৱা মোক
সাধুবোৰ জোনাবাইত থাকে
আইতাই মনতে
তুতিকৈ মাতিলে
মোক নিচুকাবলৈ আহে ৷
বগা ডাৱৰৰে নাও
জোনবাইৰ দেশলৈ যাওঁ
পোহৰী লুইতৰ
ৰূপৰ বালিচ’ৰাত
নাও বান্ধি ভাতে খাওঁ ৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment