মোক যদি তই ৰাতিপুৱা দেখি
চিনিকে নাপালি
সন্ধিয়া জানো পাবি ?
মই যদি ঐ জ্বলি থাকোঁতেই
নোচোৱাকৈয়ে গুচি গলি গৈ
নুমালে জানো উভতি আহি চাবি ?
মই জ্বলা দেখি
কত চগা পৰি
মোক নুমুৱাব খোজে
জ্বলি থকা চাকি
নুমুৱায় মানে
কোনে তোৰ মোল বুজে ?
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment