লুইতৰ পাৰৰে
সেউজী
গাঁও
পাৰতে বান্ধিলোঁ
সোণৰে নাও
জোনাকী কইনা
প্ৰাণৰে মইনা
তোকে লৈ লগতে
পোহৰৰ ভকতে
সাগৰলে’ ভটিয়াওঁ ৷
লুইতৰ পাৰৰে
ধুনীয়া গাঁও
শুৱনী মুখনি চাওঁ
তোৰ, মনত মৰহা
মনৰ কথাখিনি
ভটিয়াই যাওঁতে গাওঁ
মোৰ মন কথাৰে
শলিতাৰ শিখাৰে
তোৰ, বুকুৰে থাপনাত
চাকি লগাওঁ ৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment