ফুলৰ কলিক
ফুলাৰ
মন্ত্ৰ
কৈ যাবলৈ কাণে কাণে
সুন্দৰ বোলে আহি গুচি গ’ল
মই টোপনিত থাকোতেই
বেলি ওলোৱাৰ আগতেই ৷
মোৰ নিশা লিখা গান
কৰি অভিমান
শেৱালি তলত
থমকি থাকোতেই
সুন্দৰে তাকে খুজি নিলে আহি
সি সৰোৱা
চকুপানীৰ
তিনটা টোপালেই
কৈ গ’ল বোলে
গানৰ চকুত ওপজা মুকুতা
ক’তো পাবলৈ নাই
সাকো সৰগত এনেকুৱা মুকুতা
দেৱতায়ো দেখা নাই ৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment