অনুসন্ধান আকাংক্ষাত

Monday, July 9, 2012

যাউতিযুগীয়া ধনে মোৰ অ’ (নাটক: কাৰেঙৰ লিগিৰী)


যাউতিযুগীয়া ধনে মোৰ অ

প্ৰাণতে দিলা মোক মৰম কুমলীয়া

মনত ভালে পোৱা অ প্ৰাণৰ ধনে

যাউতিযুগীয়া ধনে মোৰ অ


স্মৃতিৰ ছবিখনি প্ৰণয় ফুটুকীয়া

কল্পনা পূৰাই দিলা মোক অ

যাউতিযুগীয়া ধনে মোৰ অ


ভাৱত অগণনে হুমুনিয়া

অময়া সৌন্দৰ্য্য জীৱন উপচোৱা

থবলৈকে ঠায়ে নোজোৰে অ

যাউতিযুগীয়া ধনে মোৰ অ


সুখ বিনন্দীয়া মৰণতে বাকি

সৰগী সপো টোপনিতে গঢ়ি দিলা মোক অ

যাউতিযুগীয়া ধনে মোৰ অ


বুজা-নুবুজাৰে হাঁহি কান্দোনৰে

জীৱণত পাতিলা মেলা মোৰ অ

যাউতিযুগীয়া ধনে মোৰ অ ৷৷


(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিকড ৰূপান্তৰ:  দিগন্ত শইকীয়া)

No comments: