হয়নে
নহয় মা
মই দেখা বোলে সপোনবোৰ
ৰাতি পুৱালেই
আকাশলে’ উৰি যায়
আৰু বাঘে ৰাতি দেখা
সপোনবোৰক
বৰা-গাহৰিয়ে খায় ?
হয়নে
নহয় মা !
বাঘে দেখা হেনো
সপোনবোৰত
বহুত হৰিণা ওলায়
বাঘে সিহঁতক
খেদি খেদি গৈ
মাটিকে কামুৰি খায় ?
সপোন
দেখিলে
তাকে সঁচা বুলি
বাঘে কিয় জঁপিয়ায়
মা,
সি যদি মোক
দেখিলে নাখাই
মই তেনেহলে
ওচৰ চাপি
দিম কথাটো বুজাই ৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment