ন পোহৰৰ ৰ’দ কাঁচলিত
তাঁতৰ পাটত বহি
ন
সূৰুযৰ জিকমিকনি সহি
তই
ন
চানেকিৰ নতুন ফুলটো বাছ
সেই পুৱাতেই
মোৰ
গানটো শুনি
যদিহে
তই
থমক্ খাই আছ
তেন্তে মোৰ গানতেই তই
প্ৰথম শাৰী গুণগুণকৈ গাবি
তোৰ নিজৰ মনৰ
আউলী
কথাৰ
আপুনি অৰ্থ
পাবি ৷
মোৰ গানৰ শেষ শাৰীটো
তোৰ চোতালত গালে
এখুজি
দুখুজিকৈ
মই গৈয়েকি
তোৰেই ওচৰ পালে
মোৰ মুখলৈ চাবি
তই বিচৰা ন চানেকি
মোৰ
কপালত
জিলিকি
থকা পাবি ৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment