নতুন
এই সমাজনীতিৰ
কিতাপখনত গঁথা
কাৰনো
মনৰ
সোণ সেৰীয়া
ৰূপ সেৰীয়া কথা
কিতাপখনত গঁথা ৷
কোন
মনীষাত
জনগণৰ তীব্ৰ বেদনাই
সপোন
দেখি ন জীভনৰ
উচুপি উচুপি, উঠিলে সাৰ পাই
সেইহে মনীষাই
দিব্যপ্ৰভা
দৰ্শনেৰে চাই
জনসমাজৰ
অপূৰ্ব্ব গান গায় ৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment