ন জোনাকী
ন জোনাকী
তোৰ
পোহৰ ৰঙা কিয় ?
বগা
পোহৰক
ৰঙা
তেজৰে
কিয়
বোলায় দিয় ?
তইতো নহয়
কত
পীড়িতৰ
ত্যাগৰ
তেজৰ
টোপালবোৰৰ
মোৰ
বেজাৰত
জ্বলাই
ফুৰা
পাখি
লগা শোক ৷
মোৰ অৰুণ গানৰ
কৰুণ
মৰমত
জ্বলাই
ৰখা বাখৰ
তই
অৰ্থ থকা উৰি ফুৰা
নতুন
দিনৰ আখৰ ৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment