[ Bhupen Hazarika's Assamese Songs and Lyrics:- Choraiye
Chikuney O Lila Rohila]
ভূ:হা: চৰায়ে চিকুণে অ’ লীলা ৰহিলা
তেলীয়া সাৰেং অ' লীলা ৰহিলা
মাছৰে চিকুণে
মালি লীলা ৰহিলা
আকৌ এদিন আহিলা
!
আহিয়ে যে গ'লাগৈ
!
হে দিলা তামোল
এখনি !
খালা তামোল
এখনি !
হে লগালা লগালা মৰমৰ মাত !
সমস্বৰে: ল’ ল’ লতি লতি তিল’
ল’ ল’ লতি লতি তিল’
ল’ ল’ লতি লতি তিল’
লতি তিল’ লতি তিল’
ল’ ল’ ল’ ল’ ল’ ল’ !
ভূ:হা: ইমান ধুনীয়াকৈ কোনে সৰজিলে
সোণ ৰূপৰ বৰণে
কৰি
সকলোৱে: এ হয় !
ভূ:হা: এ আমাক সৰজিলে কণাজন বিধাতাই
গোবৰ মাটি-মিহলি..
কৰি হে' ধিন্দাও
কুৰুলি কোবাওঁ বিহু মাৰিবলৈ
সকলোৱে: যাওঁ হে' ধিন্দাও কুৰুলি কোবাওঁ মথুৰা হাটলৈ
যাৱে ৰৈয়া
পাতি-দৈয়া চাৰিঙৰ বেহেলা
ভাঙে ৰাঙে,
ভাঙে ৰাঙে
খাই যাওঁ কিলিঙৰ পানী !
ভূ:হা: ৰৈয়া ৰৈ নাচিলে, নাচনী নাচিলে
২য় পু: ৰৈয়া ৰৈ নাচিলে,
সমস্বৰে: নাচনী নাচিলে
ভূ:হা: হায় ঐ দেহি, কলাফুলৰ গোটে দেখি
ৰায়জাই ৰায়জাই কৰে দেহি
২য় পু: ৰায়জায়
ৰায়জায় কৰে দেহি
ভূ:হা: তোমাকনো মই,
তোমাকনো মই কাহানি পাম ?
কেঁচা মৰম চেঁচা
নৈ
মুখৰ মিঠা এঠা
দৈ
২য় পু: হুৰৰ !
ভূ:হা: কেঁচা মৰম চেঁচা
নৈ
মুখৰ মিঠা এঠা
দৈ
মিঠা মিঠা তিলৰ
পিঠা
দেহাটি মোৰ
চেনাই ঐ
অসমীৰে বিহুটি
ঐ
বাপতি যে সাহোন
ঐ
আমাৰ অতি আপোন
ঐ ।
২য় পু: টেওটেও টেও
, টেওটেও টেও
টেওটেও টেওটেও
টেওটেও টেও
টেওটেও টেও
, টেওটেও টেও
টেওটেও টেওটেও
টেওটেও টেও.. টেও !
২য় পু: হায় ঐ !
সমস্বৰে: বিহুটিনো আদৰৰ
বিহুটিযে সাদৰৰ
বিহুটিনো সাদৰৰ
বিহুটিনো সাদৰৰ
বিহুটিনো অসমৰ
ধন !
২য় পু: হায় ঐ !
সমস্বৰে: এনুৱানো বিহুটি
এৰিব কে লাগিলে
এৰিব কে লাগিলে
নাথাকেনো অসমৰ
নাথাকেনো অসমৰ
মান ।
২য় পু: হুৰৰৰ.....
!
গেতে কে্তি
গেত তাও
খিতি কে্তি
গেত তাও
খিতি কেতি ৰিদিপ
তাও তাও
খিতি কে্তি গেত কে্তি গেত
খিতি কে্তি
গেত তাও
খিতি কে্তি
ৰিগেতি ৰেগেত
ভূ:হা: ৰৈয়া ৰৈ
....নাচিলে, [২য় পু: - গেতে কে্তি গেত
তাও]
নাচনী নাচিলে [খিতি কে্তি গেত তাও]
হে ৰৈয়া ৰৈ
....নাচিলে [খিতি কেতি ৰিদিপ তাও তাও]
নাচনী নাচিলে [খিতি কে্তি গেত কে্তি গেত]
ৰৈয়া ৰৈ
....নাচিলে, [খিতি কে্তি গেত তাও]
নাচনী নাচিলে [খিতি কে্তি ৰিগেতি ৰেগেত]
(ভূপেন হাজৰিকাদেৱ আৰু লগৰীয়াসকলৰ কন্ঠেৰে নিগৰিত বিহুগীত)
ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া
No comments:
Post a Comment