জোনাকী কাৰেঙত কোনে বীণ বায় ?
জোনাকী
কাৰেঙত কোনে বীণ বায় ?
আমাৰ নিমাতীৰ কোনে মাত ফুটাব
ওঁঠতে হাঁহিটি দিব ফুলাই ?
আমাৰ নিমাতীজনী
আলাসৰ প্ৰতিমাখনি ৷
হাঁহো হাঁহোকৈ
চকু দুপাহিয়ে
হঁহা
নাই অতদিনে
মাতো মাতোকৈ
ওঁঠ
দুখনিয়ে
অমাতেৰে
মন জিনে ৷
ধিয়ানে- গিয়ানে সচিতে- সপোনে
কাকনো বিচাৰে কাকনো চায় ?
বীণখনি
বায়
কোনেনো
দিবহি হাঁহি ফুলাই ?
নিমাতী কইনাৰ মাত ফুটা নাই
অ’
মাত ফুটা নাই
জোনাকী কাৰেঙৰ কোনে বীণ বায় ?
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment