তোৰ সতে মোৰ প্ৰথম দেখাৰ দিনা
মোৰ
যে হাতত নাছিল সোণৰ বীণা ৷
মোৰ ৰূপতেই তোক দেখি
মোৰ
ৰূপকেই চালো লেখি লেখি
তয়ে
ময়ে মাথো একা ছবি ৷
হাতত বীণা তুলি লৈ
সেইহে হলো
মোৰ গানকেই
তোৰ
সুৰতেই
মিলাই
গোৱা কৰি
তয়ে
ময়ে একেখনি ছবি ৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত; তামোলবাৰী,
১৫/০৯/১৯৪৮)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment