তোলে’ দিয়া শৰাইখনত
দিলোঁ
তামোল- পাণ
ফুল দুটামান ছিঙি দিলোঁ
আৰু
দিলোঁ
তাৰ
লগতে
মোৰ
কেইটিমান গান ৷
তামোল- পাণৰ শৰাই
নিলোঁ
সজাই পৰাই
তই
আছিলি তাঁতৰ শালত
মহুৰা
যে ফুৰাই
তই
শৰাই ঢকা চালি উদঙাই
মোলে’ ক’লি
চাই
তামোল
দিয়া
পাণ
দিয়া
ফুলো
ওপচায়েই দিলা
কেটিমানো
গান,
ক’তা
দেখোন প্ৰাণ ?
মই ক’লোঁ মোৰ
প্ৰাণটো দেখোন
তোৰেই
আঁচলত
তই হাঁহি মাৰি চুই দিলি মোৰ
ঘামি
জামি থকা কপালত ৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত; সপ্তমী পূজা,
০৯/১০/১৯৪৮)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment