দেউতা, তই
কি লিখিছ
গান
মোলৈ এটা লিকিবি দেই
কুৰ অকণমান
এটা কুৰ পোৱালি গান ৷
দেউতা,
মোৰ গানত, লিকিবি এটা
সৰু ৰঙা চৰাই
সোণৰ ৰূপৰ পাখি লগাই
দিবি উৰাই উৰাই
আৰু লিকিবি পকিলা এটা
ফুৰ্-ফুৰ্ কৈ উৰা
আৰু এটা ডাঙৰ লাটুম
ঘুৰ্ ঘুৰ্ কৈ ঘূৰা ৷
আৰু লিকিবি কমলা টেঙা
আৰু পকা আম
মই আবেলি খাম ৷৷
✾ মনমাৰ গান ✾
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত; ১৩/০৯/১৯৪৯)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment