অনুসন্ধান আকাংক্ষাত

Sunday, June 24, 2012

কোনে ক’লে তোক শকতিবিহীনা বুলি


কোনে লে তোক শকতিবিহীনা বুলি

আই তোৰ পুত্ৰ শকতিবন্ত ৷


আই অ মোৰ চেনেহী সাদৰী আই অ

মোৰ আই অ

শকতিৰূপিনী তই



ভাৰতী আই মোৰ ভাৰতী আই অ

অগ্নীমন্ত্ৰেৰে মই আবাধি শকতিদেৱী

ভেদি আই অজেয় ৰঙা জবা আনি

ওপচাম চৰণৰে প্ৰান্ত ৷


সেই দিনা আই অ

তোৰ ৰিহাৰ আঁচলেৰে

অৱসন্ন মুখ মোৰ নীমচোতেই

আই তোৰ চৰণ পৰশ কৰি

হয় যেন জীৱন দিনান্ত ৷৷



(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিকড ৰূপান্তৰ:  দিগন্ত শইকীয়া)

No comments: