তোৰ গানতে
মোৰ সুৰৰে ঢৌ
মাণিকী মধুৰী
মৌ
মাণিকী মধুৰী মৌ
তোৰ গানতে
মোৰ সুৰৰ ঢৌ ৷
ছন্দটি মোৰ
জাগিলে
নে নৌ
তোৰ,
বুকত তুলি
হেন্দোলনি
থউকিবাথৌ
জাগিলে নে নৌ
মাণিকী মদুৰী মৌ
মাণিকী মধুৰী মৌ
তোৰ গানতে
মোৰ সুৰৰ ঢৌ ৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত; তামোলবাৰী,
০৪/১০/১৯৪৮)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment