তোৰ সিদিনাৰ পুৱাৰ গানে
কি
নুবুজা গোপন কথা আনে
দূৰণিৰ
ভাষা মই যে নুবুজোঁ
মাথোঁ,
আকুলতা জাগে মনে প্ৰাণে ৷
এই পৃথিৱীৰ
গন্ধ
গানৰ বৰ্ণচয়ৰ
ছন্দ
সুৰৰ কত নিজৰা বয়
মোৰ সপোনে তাৰ পাৰতো
উচুপিয়ে
ৰয় ৷
উচুপনিৰ নতুন ছন্দ জাগে
নতুন
সুৰে সাৰ পাই তাতে
নেদেখা
নুশুনা নুবুজা গানৰ
চিৰ
পৰিচয় মাগে ৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment