দেহি ঐ ! দূৰৈৰে গাঁৱেখনি
ধনে-ধানে
পূৰে
নিমাত
মৰিশালি হলে,
আৱৰী
মানে পাই
ধনে-সোণে
চুহি
পুৰি ছায়ে
কৰি গ’ল ৷
দেহি ঐ ! তাতে কোন গাভৰুৱে
ৰূপৰ
ফুল পিন্ধিছিল
কপৌফুল
পিন্ধিছিল কোনে ?
কোন
ডেকাদেৱে
হাঁহি
কাষ চাপিছিল...
ওপৰে
তিৰেবিৰায় জোনে ৷
দেহি ঐ ! তাতে ক’ৰে
সখিয়তী
পৰি
ডালে-পাতে
মাতিছিল
সখী ঐ বুলি,
তাতে
কোন ৰূপহীয়ে
নৈৰে
ঘাটতে
বহি
মেলাইছিলে চুলি ?
দেহি ঐ ! দূৰৈৰ গাঁৱেখনি
আছিল
জকেমকি
চিন-চাব
এটিকে নাই,
হলে
গহীন হাবি
বাঘে-ঘোঙে
ভৰি
হিয়া
ছাঁতে কৰি যায় ৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment