অ’ মা মই
ৰাতি সপোনত
কি
দেখিলোঁ জান’
তই যে মা কেতিয়াবা
মোক
দিবলৈ আন’
সৰু সৰু কাঠৰ ঘোঁৰা
নেজডাল যে মোটোক মৰা
তেনেকুৱাই
পিছে হলে ঠেঙত পাখি লগা
দেখিবলৈ
ভকভকীয়া
বগা ৷
তাৰ পিছত উঠি
আকশলৈ
গলোঁ
অকলশৰে কান্দি থকা
তৰা
এটা পালোঁ ৷
মোক দেখি সি হাঁহি দিলে মা
হাঁহিলে
সি ইমান পোহৰ ওলায়...
আমি দেখা বেলিটোৰো তিমান পোহৰ নোলায় ৷
মা, তই মাতোতে
সপোন
গৈ খাটৰ তলত সোমাল
পাখি
লগা ঘোঁৰাজনীও ক’ৰবালৈ পলাল ৷
জ্বলা
তৰাটো আক্কাশতে নুমাল ৷
[জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত]
[ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া]
No comments:
Post a Comment