কাৰ তেজ আজি
নৱজীৱনৰ ছন্দৰূপেৰে বয়
কাৰ
চকুপানী
নৌ মচোতেই
মুকুতা মণিটি হয় ?
কাৰ
জীৱনৰ
জ্বলিছে চাকিটি
মৃত্যুৰ থাপনাত
কাৰ
তিয়াগৰ
অগ্নিৰে আজি
স্বাধীনতা প্ৰতিভাত ?
আন্ধাৰ
বিদাৰি
আনি দিলে কোনে
জন জীৱনৰ নৱপ্ৰভাত
সেই
সিহঁতক, মোৰ গানেৰে কৰিলোঁ
প্ৰণিপাত ৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত
শইকীয়া)
No comments:
Post a Comment