অ’ সখী আহিব
পিয়া
ৰূপহী
জোনৰে
কিৰণ
জকেমকাই
বিৰিখৰ পাততে
আহিব
পিয়া
সখীৰে চকুৰে
নিয়ৰ
জকেমকাই
লাৱনী গালতে
আহিব
পিয়া
আমাৰে সখীয়া
ইনাই
বিনাই
বিৰহ-বেদনাতে
মিলন বাসনাতে
আহিব
পিয়া ৷৷
[জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত, ‘শোণিত কুঁৱৰী’ নাটকত দিছে ]
[ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া]
No comments:
Post a Comment